চকুৰ প্ৰচাৰতে আন এটা বছৰো পাৰ হৈ গ’ল,
২০২০
পৃথিৱীৰ লক্ষ লক্ষ মানুহৰ ক্ষোভ, হতাশা, হায়-হুমুনিয়াহ আৰু দুখৰ বছৰ এয়া । মানৱতাক প্ৰত্যাহ্বান জনোৱা কৰোণা অতিমাৰিৰ বছৰ এয়া । কিন্তু কৰোণাৰ বাবেই মোৰ জীৱন স্তব্ধ হৈ পৰা নাই । এই বছৰটোত বহূত কিছুয়ে হেৰুৱালো আৰু বহুত কিছু পালোও । আৰু পাবলগা কিছু বস্তু অথৱা অভিজ্ঞতা নাপালো । তাৰ বাবে মোৰ অলপো আক্ষেপ নাই । আজি বছৰটোৰ শেষ দিনটোত পোৱা-নোপোৱাৰ হিচাব কৰিবলৈ গৈ ভালেবোৰ কথা মনলৈ আহিছে । সেই অস্থিৰ জানুৱাৰী মাহৰ আন্দোলনে জুৰুলা কৰা অসম, দিল্লীৰ দেহা কপোঁৱা জাৰত উত্তাপহীন মাঘৰ ভোগালী বিহু । সৰস্বতী পুজা, খাদ্য মেলা, ফাকুখেল ইত্যাদি । ভাবিলে লাগে সৌ-সিদিনাহে যেন ৰূমমেট অৰ্ণৱক কৈছিলো “বিহুত ঘৰলৈ যোৱা ন’হল, এই দহ দিনৰ বন্ধ পাইছো, মই এপাক ঘৰৰ পৰায়ে আহো, তহঁত থাক ইয়াতেই । সেয়া আছিল মাৰ্চ মাহৰ চৈধ্য তাৰিখৰ কথা । তাৰ পাছত প্ৰতিটো দিনেই প্ৰতিটো নিশাই পাৰ হৈছে এক অনিশ্চয়তাৰ মাজেৰে । অহাকালি কি হ’ব যেন কোনেও নাজানে । বাইদেউ এগৰাকী স্বাস্থ-কৰ্মী হোৱা হেতুকে মা-দেউতাক অত্যাধিক মানসিক চাপৰ মাজত থকা দেখিছো । চাকি জলাই আৰু বৰকাঁহ বজাই সমবেদনা যচাঁ লাখ লাখ ভাৰতীয় জনতাই বুজি নোপোৱা এটা কথা উপলব্ধি কৰিছো যে সৈনিকৰ পৰিয়ালৰ লোকে যুদ্ধৰ সময়ত কেনেকুৱা অনুভৱ কৰে ।
বছৰটোৰ আৰম্ভনি হৈছিল সুন্দৰভাৱে । অসমত চলি থকা আন্দোলনৰ বাবে যদিও আমাৰ মনবোৰ সিমান এটা সুস্থিৰ হৈ থকা নাছিল, কিন্তু আমি স্নাতকোত্তৰৰ কেইজনমান অসমীয়াই সেইদিনা আমাৰ ভাড়াঘৰটোত এসাজ একেলগে খোৱাৰ লগতে কথা বতৰা পতাৰ আয়োজন কৰিছিলো । অৰ্ণৱ গোলাঘাটৰ নিজা ঘৰলৈ অহা বাবে আমাৰ লগত থাকিব পৰা নাছিল । মই, হিৰক, অংগনা, হিমাদ্ৰী, দুলু আৰু প্ৰশান্তই হাঁহি-ধেমালিৰে নতুন বছৰটোক আদৰি লৈছিলো । প্ৰায়বোৰ একৈছ-বাইছ বছৰীয়া লৰা-ছোৱালীৰ নিচিনাকৈ মইও ভালেমান নতুন বছৰৰ সংকল্প লৈছিলো । অপৰিপাটী জীৱনটোক কিঞ্চিত পৰিমানে হ’লেও মনে বিচৰা ধৰণে সজাব বিচাৰিছিলো । স্নাতকোত্তৰ শেষৰটো ষান্মাসিকৰ ক্লাচ আৰম্ভ হৈ গৈছিল । ভালদৰে পাছ কৰিলেই কিবা এটা কৰ্মসংস্থাপন পোৱাৰ হাবিয়াসত দুগুণ উৎসাহেৰে পঢ়িবলৈ লৈছিলো । ভবামতে ভাল ফলাফলো কৰিছিলো। আন আতাইকেইটা ছেমিষ্টাৰতকৈ মোৰ এইবাৰ বেছি ভাল লাগিছিল । দিল্লী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ আন ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক সকলৰ সৈতে এটা সৌহাৰ্দপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যেৰে বিভাগে আয়োজন কৰা এখন অন্ত:ৰাষ্ট্ৰীয় কনফেৰেন্সত চেচ্ছাসেৱকৰ দায়িত্বও সুচাৰুৰূপে পালন কৰিছিলো । সেই সময়তে দিল্লীত আৰম্ভ হৈছিল ৰাজনৈতিক হিংসা আৰু হত্যাৰ । প্ৰতিদিনে ভয় সংকাৰ মাজেৰে জীৱন জাপন কৰা দিল্লীৰ স্থানীয় এজাক লৰা-ছোৱালীয়ে কলেজলৈ আহি এইবোৰ কথাকে আলোচনা কৰিছিল । নিৰ্দয়ীভাৱে মানুহৰ ঘৰ, গাড়ী, দোকান পোহাৰত অগ্নিসংযোগ কৰা হৈছিল । প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক চৌহদত সোমাই বেত্ৰাঘাত কৰা হৈছিল । বিভিন্নজনে নিজৰ হাতী, ঘোঁৰা, মন্ত্ৰী লৈ একো একোখন দবাখেলত নামিছিল, এজনক হৰুৱাই আন এজনৰ আস্থাভাজন হোৱাৰ খেল । সেই সময় আছিল মানুহ হিচাপে প্ৰ্কৃতিৰ ওচৰত লজ্জনত হোৱাৰ ।
পাঠ্যক্ৰমৰ এটা অংশ হিচাপে চীন দেশৰ অৰ্থনৈতিক আৰু বিত্তীয় ব্যৱস্থাৰ বিষয়ে এটা তথ্যভিত্তিক আলোচনা আগবঢ়োৱাৰ দায়িত্ব অধ্যাপিকা আভা বাইদেৱে মোক দিয়ে । তাৰ কাৰণে জানুৱাৰি আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰায় বিশ-পছিশ দিনমান মই চীনদেশৰ বিভিন্ন বাতৰি কাকত আৰু টিভি চেনেলৰ সৈতে জড়িত থাকো আৰু তেতিয়াই তাতে ভয়াবহ ৰূপ ধাৰণ কৰা কৰোণা ভাইৰাচৰ কথা প্ৰথম শুনিবলৈ পাও । কিন্তু সময়ত ভ্ৰুণাক্ষৰেও গম পোৱা নাছিলো যে এই মহামাৰীয়ে ভবিষ্যতে কি ৰূপ ধাৰণ কৰিব পাৰে ।
২০২০ চনৰ জানুৱাৰী মাহত মই এটা দিৰ্ঘদিনীয়া সপোন পূৰ কৰো । শ্বেয়াৰ বজাৰত বিনিয়োগ । সাঁচতীয়াকৈ থকা ধনৰ কিছু অংশ মই বজাৰৰ উঠা-নমাবোৰত বিনিয়োগ কৰো । ইয়াৰ দ্বাৰা কোনো মিলিয়নাৰ বা বিলিয়নাৰ হোৱাৰ অলীক স্বপ্ন মই দেখা নাই কিন্তু যোৱা তিনিবছৰে পঢ়ি থকা বিভিন্ন থিয়ৰিবোৰ বাস্তবিক বজাৰত কেনেকুৱাকৈ এপ্লাই হয় তাকে চোৱাৰ এক পৰিকল্পনাহে এয়া ।
মাৰ্চ মাহৰ চৈধ্য তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে ঘোষণা কৰে যে একত্ৰিছ মাৰ্চ তাৰিখলৈ দিল্লীৰ সকলো বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব । বেছিভাগ সহপাঠীয়ে খবৰটো শুনি আনন্দ পাইছিল যদিও মই সিমান এটা ভাল পোৱা নাছিলো । তথাপি সেই ছেগতে এপাক ঘৰৰ পৰা ঘুৰি যোৱাৰ কথা ভাবিছিলো যিহেতু প্ৰায় ছমাহ ঘৰলৈ আহিব পৰা নাছিলো । আৰু ভবামতেই মই ১৬ মাৰ্চ তাৰিখে ঘৰলৈ বুলি ৰাওনা হওঁ । গুৱাহাটী বিমানবন্দৰত যাত্ৰীসকলৰ কপালৰ উত্তাপ পৰীক্ষা কৰি বিনা সংকোচে আমাক ঘৰলৈ আহিবলৈ দিয়া হয় । দহদিন ঘৰত থকাৰ পৰিকল্পনাৰে দুযোৰ কাপোৰ আৰু লেপটপটোৰ বাহিৰে মই একোকে অনা নাছিলো আৰু তেনেকৈয়ে পাঁচমাহ ঘৰত থাকিবলৈ বাধ্য হওঁ ।
সচাঁ অৰ্থত কবলৈ গ’লে লকডাউনৰ সময়চোৱাত যি অনলাইন পদ্ধতিৰে ক্লাচ কৰোৱা হৈছিল তাতে মই একো শিকিব পৰা নাই আৰু এই কথাটো বুজিবলৈ মোক বেছি সময়ৰ প্ৰয়োজন হোৱা নাছিল । সেই গতিকে সময়খিনিৰ সদ্ব্যৱহাৰৰ কাৰণে মই পিএইচডি ৰ বাচনি পৰীক্ষা আৰু ভাইভাৰ কাৰণে পঢ়া আৰম্ভ কৰো । বিভিন্ন সূত্ৰৰ পৰা তথ্য আৰু বচা বচা জাৰ্ণেলৰ পৰা গৱেষণা পত্ৰবোৰ পঢ়া আৰম্ভ কৰো । এই সময়চোৱা মোৰ বাবে আছিল অতিকৈ লাভদায়ক, প্ৰচুৰ সময় পাইছিলো । মোৰ একমাত্ৰ আকৰ্ষণ ফুটবল আৰু ক্ৰিকেট খেলবোৰ বন্ধ হৈ গৈছিল , চিনেমা হ’ল, ৰেষ্টোৰাঁ, বাৰ-পাব একো নাছিল । নিজক উৎসাহিত কৰি ৰাখিবৰ কাৰণে ভাল ভাল বন্ধু বান্ধৱীৰ সতে কথা পাতিছিলো আৰু নিজৰ নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিলো ।
সেই সময়তে ভোক আৰু মহামাৰীক লৈ মই এটি গল্প লিখো আৰু মোৰ চিনাকি ভালেকেইজন পাঠকৰ পৰা আশাপ্ৰদ সহাঁৰি পাওঁ । আৰু বেছি লিখাৰ ইচ্ছা আছিল কিন্তু বিভিন্ন কাৰণত সেয়া হৈ নুথিল ।
ঠিক সেই সময়তেই পুজিবাদী সমাজখনে নিজে যোৱা তিনিতা দশকৰ পৰা কৰি অহা ভুলবোৰ ঢাকিবৰ কাৰণে ২০২০ চনটোক কলংকিত আখ্যা দিয়া আৰম্ভ কৰে আৰু অজ্ঞ বিজ্ঞ সকলোৱে কথাষাৰ সহজতে মানি লয় । যোৱা তিনিতা দশকে উন্নয়নশীল দেশবোৰত উন্নয়নৰ নামত প্ৰকৃতিৰ যি ধংসযজ্ঞ চলিল তাৰ ফলাফল এদিনটো পাবৰে আছিল, সেয়া লাগিলে ২০২০ য়ে হওক, অথবা ২০২১ । তাৰ জলন্ত উদাহৰণ হিচাপে এদিন অসমৰে বাঘজান দাউ দাউকৈ জ্বলি উঠে আৰু দুজন অসমীয়া ডেকাৰ জীৱনৰ লগতে অলেখ পৰিয়ালৰ সপোনবোৰ শেষ হৈ যায় ।
লকডাউনৰ সময়চোৱাত বহুতেই বহুত নতুন বিদ্যা শিকিলে, কোনোৱে কাপোৰত ফুল তুলিলে, নতুন ভাষা শিকিলে, ৰন্ধা-বঢ়া, খেতি বাতি, বাদ্যযন্ত্ৰ ইত্যাদি । মোক যদি কোনোৱে সোধে মই কি কৰিলো বুলি মোৰ কবলগীয়া বেছি নাথাকিব, কেইখনমান ভাল ভাল চিনেমা চোৱাৰ উপৰিও দুখন মান কিতাপ পঢ়িলো । সেইখিনিয়ে পৰ্যাপ্ত হয় নে নহয় সেয়া মই নাজানো আৰু জনাৰ প্ৰয়োজনবোধো আজিলৈ কৰা নাই ।
জুন মাহৰ পৰায়ে মই বিভিন্ন ইনষ্টিটিউটত পিএইচডিৰ কাৰণে ইণ্টাৰভিউ দিও আৰু আশাপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হওঁ । আই আই টি খৰগপুৰৰ পৰা পোৱা নামভৰ্তিৰ অনুৰোধ ৰক্ষা কৰি মই ২০২০ চনৰ শেষৰ ভাগত এজন গৱেষক ছাত্ৰ হৈ পৰো ।
লকডাউনৰ সময়ত অনাকাংক্ষিত ভাৱে দিল্লীৰ পৰা আঁতৰি থাকিব লগা হোৱা বাবে মই সুখী হ’ব পৰা নাছিলো । মোৰ ৰূমমেট অৰ্ণব আৰু দুলুই বাধ্যত পৰি “বাৰ বাই বাৰ” দুটা কোঠালিত বন্দী জীৱন কটাব লগীয়া হোৱা কথাটো মোৰ মুঠেই ভাল লগা নাছিল । ছেগ পালেই মইও দিল্লীলৈ উভতি যাবলৈ উত্ৰাৱল হৈ পৰিছিলো । ভালেখিনি আলোচনা বিলোচন আৰু অন্তৰ্দন্দৰ শেষত জুলাই মাহৰ ১৭ তাৰিখে মই দিল্লীলৈ উভতি যাও । দুবছৰ পাৰ কৰা সেই চিনাকি গলিটো আৰু বেছি ভাল লাগিছিল সেইদিনা । প্ৰায় ডেৰমাহ ভয়-ভীত নোহোৱাকৈ দিল্লীত থকাৰ পাছত সকলো পৰীক্ষা শেষ কৰি ঘৰলৈ ঘুৰি আহো । অহাৰ সময়ত প্ৰশান্ত আৰু দুলুৰ বাহিৰে কোনো নাছিল । ভালেখিনি অন্তৰংগ বন্ধু বান্ধবীক এষাৰ মাত লগোৱাৰ সুযোগ এটিও পোৱা নাছিলো ।
কৰোণাৰ মহাযজ্ঞ চলিয়ে আছিল । তাৰ মাজতে মোৰ পিএইচডিৰ ক্লাচ আৰম্ভ হয় আৰু ভালেমান নতুন কথা শিকিবলৈ পাও । ভালেকেইজন উচ্চশিক্ষিত পঢ়ুৱৈৰ সংস্পৰ্শলৈ আহি তিনিমাহ মান সময় অত্যাধিক ব্যস্ততাৰ মাজেৰে পাৰ হৈ যায় ।
একঘেয়ামী জীৱনৰ পৰা কিছুদিন আঁতৰি থকাৰ উদ্দেশ্যৰে ডিচেম্বৰ মাহটো দুই এখন ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিলো যদিও সেয়া হৈ নুথিল । ৬ ডিচেম্বৰ তাৰিখে বাৰ্ধক্যজনিত ৰোগত আমাৰ আইতাই আমাক এৰি গুচি যায় । কাজ-কৰ্ম শ্ৰাদ্ধ ইত্যাদিত দেউতা ব্যস্ত হৈ পৰা কাৰণে প্ৰায় পোন্ধৰ দিনৰ বাবে ঘৰৰ সমস্ত দায়িত্ব মই পালন কৰিবলগীয়া হয় ।
২০২০ চনটোৱে বহুতকে দুখ দিলেও প্ৰায়বোৰ পৰিয়ালক একলগ হোৱাত সহায়ো কৰিছে । প্ৰকৃতিৰ বিৰুদ্ধে নিষ্ঠুৰ নহবলৈ সকিয়াই দিছে । আধুনিক যুগটো শ্ৰমৰ মুল্য কিমান সেয়া উপলব্ধি কৰাইছে । উন্নত বুলি ভবা দেশবোৰৰ স্বাস্থ ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ।
অৰ্থনীতিত “ক’লা ৰাজহাঁহ” ৰ গুৰুত্বৰ কথা হয়টো সকলোৱে নাজানে । সংক্ষেপতে কওঁ, ২০২০ চনটো এটা ক’লা ৰাজহাঁহ মানে “ব্লেক শ্বোৱান” ।
সদৌ শেষত দেশৰ ৰাজধানী চহৰৰ ওচৰত হাঁৰ কপোঁৱা জাৰৰ মাজতো আন্দোলন কৰি থকা লাখ লাখ কৃষকলৈ মোৰ সমৰ্থন আগবঢ়াই ২০২০ চনটোক বিদায় জনাব লৈছো ।
জয় জোৱান-জয় কিষাণ,
জীৱন জিন্দাবাদ ।
তাৰিখ: ৩১/১২/২০২০
স্থান: লাউকুৰী
One thought on “প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত ২০২০”